নেপালৰ ১০ পেছাদাৰী পৰ্বতাৰোহীয়ে আৰোহণ কৰিলে মাউণ্ট এভাৰেষ্ট

237

নেপালৰ দহজন পেছাদাৰী পৰ্বতাৰোহীয়ে অলপতে নিশা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাত সফল হয়। এইটো প্ৰথম অভিযান দল যিয়ে এই ঋতুত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰিছে। অভিযানটো আয়োজন কৰা ছেভেন ছামিট ট্ৰেকৰ কৰ্মচাৰী থানি গুৰগাইনে কয় যে ডাণ্ডি শ্বেৰ্পাৰ নেতৃত্বত দলটোৱে শুকুৰবাৰে নিশা ৮.১৫ বজাত ৮,৮৪৮.৮৬ মিটাৰত উপস্থিত হয়।পৰ্বতাৰোহীসকলে ৰছী লৈ পৰ্বত শৃংগত উপনীত হৈছিল।

পৰ্যটন বিভাগৰ পৰ্বতাৰোহণ শাখাৰ এজন বিষয়া চুন বাহাদুৰ তামাঙে শুকুৰবাৰে নিশা এক বিবৃতি জাৰি কৰি কয় যে ৰছী লগোৱা সম্পূৰ্ণ হোৱাৰ পিছত মাউণ্ট এভাৰেষ্ট এতিয়া নেপাল আৰু বিদেশী পৰ্বতাৰোহীৰ দ্বাৰা আৰোহণৰ বাবে মুকলি হৈ আছে। ৰছী স্থাপনৰ কাম শুকুৰবাৰে ৰাতিপুৱা আৰম্ভ হৈছিল আৰু নিশা শেষ হৈছিল।

বিভাগটোৱে জনোৱা অনুসৰি শুকুৰবাৰে সফলতাৰে এভাৰেষ্ট আৰোহণ কৰা আন পৰ্বত নিৰ্দেশকসকলৰ ভিতৰত আছে টেনজিং গিয়ালজেন শ্বেৰ্পা, পেম্বা তাছি শ্বেৰ্পা, লাকপা শ্বেৰ্পা, দাৱা ৰিঞ্জি শ্বেৰ্পা, দাৱা শ্বেৰ্পা, পাম চোৰ্জি শ্বেৰ্পা, চুক বাহাদুৰ তামাং, নামগিয়াল দৰ্জে তামাং আৰু লকপা ৰিঞ্জি শ্বেৰ্পা। সৰ্বাধিক ৪১  টা পৰ্বতাৰোহণ অভিযানৰ সৈতে জড়িত ৪১৪ জন পৰ্বতাৰোহীক এই ঋতুত এভাৰেষ্ট আৰোহণ কৰিবলৈ অনুমতি দিয়া হৈছে।