কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক প্ৰত্যাহ্বান এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ বিৰুদ্ধে ৱায়ানাদৰ পৰা নহয় হায়দৰাবাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰত্যাহ্বান জনায় ওৱাইছেয়ে। সোমবাৰে এখন ৰেলীত অংশগ্ৰহণ কৰি ওৱাইছিয়ে কয়, “এইবাৰ ৱায়ানাদৰ পৰা নহয়, হায়দৰাবাদৰ পৰা নিৰ্বাচন খেলক। মই প্ৰত্যাহ্বান জনাইছো আপোনাক (ৰাহুল গান্ধী) ৱায়ানাদলৈ নাযাব, হায়দৰাবাদলৈ আহক আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক।”
“আপুনি ডাঙৰ ডাঙৰ বক্তব্য দি থাকে, মাটিলৈ আহক আৰু প্ৰতিদ্বন্দ্বিতা কৰক। কংগ্ৰেছৰ মানুহে বহুত কথা কব, কিন্তু মই সাজু। দাড়ি আৰু শ্বেৰৱানী থকা এই মানুহজনৰ সন্মুখীন হ’বলৈ আহক, আপুনি জানিব যে প্ৰতিযোগিতাৰ অৰ্থ কি।’-তেওঁ উল্লেখ কৰে। ‘কংগ্ৰেছৰ শাসনত বাবৰি মছজিদ আৰু সচিবালয়ৰ মছজিদ ভাঙি পেলোৱা হৈছিল বুলি দাবী কৰে ওৱাইছিয়ে।
‘সংসদত অশালীন শব্দ ব্যৱহাৰ কৰা বিজেপি সাংসদজনো মোৰ বিৰুদ্ধে থিয় দিছিল কথা ক’বলৈ। মই কঠোৰভাৱে তেওঁক বহিবলৈ ক’লোঁ। মোৰ চোকা জিভাখনৰ সন্মুখীন হ’ব নোৱাৰি৷ কংগ্ৰেছৰ ৰাইজে বহুত কথা পাতিলেহেঁতেন। মই সাজু হৈ আছো। মইও তেলেংগানাৰ জনসাধাৰণৰ সন্মুখত আবেদন জনাইছো, মনত ৰাখিব, কংগ্ৰেছৰ দিনত সাধাৰণ মানুহক হাৰাশাস্তি আৰু আক্ৰমণ কৰা হৈছিল। অতি কষ্টেৰে আমি চহৰত শান্তি সুনিশ্চিত কৰিছো। এই শান্তি অক্ষত থাকিব লাগে।’ -ওৱাইচিয়ে এইদৰে কয়। শেহতীয়াকৈ ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিছে যে ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি, ভাৰত ৰাষ্ট্ৰ সমিতি আৰু এআইএমআইএমৰ সহযোগিতা চলি আছে।