ৱান প্লাছে, ৱানপ্লাছ ৯আৰ৫জি লঞ্চ কৰিছে

53

গ্লোবাল প্ৰযুক্তি প্ৰতিষ্ঠান ৱানপ্লাছে ৱানপ্লাছ ৯ চিৰিজৰ নতুন সংযোজন ৱানপ্লাছ ৯আৰ৫জি মুকলি কৰিছে যিটো বিশেষকৈ গেমিং উৎসাহী সকলৰ চাহিদাৰ বাবে প্ৰস্তুত কৰা হৈছে। কেজুৱেল আৰু হাৰ্ডকোৰ গেমাৰ দুয়োটাৰ বাবে ডিজাইন কৰা, ৱানপ্লাছ ৯আৰ৫জি-ৰ ২৪০ হাৰ্জ টাচ চেম্পলিং ৰেটে ব্যৱহাৰকাৰীসকলক আনকি দ্ৰুত গেমিং আৰু মসৃণ প্ৰদৰ্শনৰ বাবে একেসময়তে পাঁচটা আঙুলি ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে।

দ্ৰুত ৫জি সংযোগৰ সৈতে, ৱানপ্লাছ ৯আৰ৫জি-য়ে ৮৭৫ এমবি/এছ লৈকে ডাউনলোড গতি প্ৰদান কৰে, যাৰ ফলত ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ প্ৰিয় গেম আৰু শ্ব’বোৰ মুহূৰ্ততে ডাউনলোড বা ষ্ট্ৰীম কৰাৰ ক্ষমতা প্ৰদান কৰে। ৱানপ্লাছৰ ফাউন্ডাৰ চিইও আৰু চিফ প্রোডাক্ট অফিচাৰ পেট লাউয়ে কয়, আমি ভাৰতত ৱানপ্লাছ ৯আৰ৫জি মুকলি কৰিবলৈ উৎসাহিত, যাৰ ফলত টপ-অফ-দ্য-লাইন হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ একত্ৰীকৰণ গেমিং উৎসাহী সকলৰ বাবে উপলব্ধ হ’ব।

গ্ৰাহকসকলে ৱানপ্লাছ ৯আৰ-মডেলখন ৱানপ্লাছ এক্সপিৰিয়েঞ্চ ষ্ট’ৰ, অথৰাইজড ষ্ট’ৰ আৰু পাৰ্টনাৰ ষ্ট’ৰৰ পৰা লাভ কৰিব পাৰিব। গ্ৰাহকসকলে এছবিআই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৱানপ্লাছ ডট ইন আৰু অ্যামাজন ডট ইন-ৰ পৰা ক্ৰয় কৰিলে অতিৰিক্ত ২০০০/- টকা ডিচকাউন্ট পাব আৰু এই অফাৰখন আৰম্ভ হ’ব ১৫ এপ্ৰিল ২০২১ ৰ পৰা।