ৱাজিৰএক্সে মুকলি কৰিছে ‘কুইকবাই’

70

ভাৰতৰ সৰ্ববৃহৎ ক্ৰিপ্টো এক্সচেঞ্জ, ৱাজিৰএক্সে এক-টেপ ক্ৰিপ্টো লেনদেনৰ বাবে ‘কুইকবাই’ মুকলি কৰে। ভাৰতৰ সকলোৰে বাবে ক্ৰিপ্টো উপলব্ধ কৰাৰ এক অভিযানৰ সৈতে, এই অভিনৱ সুবিধাৰ শুভাৰম্ভৰ উদ্দেশ্য হৈছে নতুন ক্ৰিপ্টো বিনিয়োগকাৰী সকলৰ বৰ্ধিত চাহিদা দূৰ কৰা, সুৰক্ষিত ক্ৰিপ্টো ট্ৰেডিং পদ্ধতিৰ ওপৰত অধিক সজাগতা সৃষ্টি কৰা আৰু লগতে ফিনটেকৰ এই নতুন মাত্ৰাৰ সৈতে ভাৰতীয় জনসাধাৰণক পৰিচিত কৰা।ভাৰতত ক্ৰিপ্টো গ্ৰহণৰ দ্ৰুত বিকাশ স্বত্বেও। কুইকবাইয়ে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ প্ৰথম ক্ৰিপ্টো নিৰ্বিঘ্নে, দ্ৰুততাৰে, আৰু কোনো গোপন মাচুল অবিহনে ক্ৰয় কৰিবলৈ অনুমতি দিয়ে।
কুইকবাইৰ সৈতে, ৱাজিৰএক্সে এই তিনিমাহৰ ভিতৰত পৰৱৰ্তী ১০ নিযুত ব্যৱহাৰকাৰীক ইয়াৰ প্লেটফৰ্মত উঠোৱাৰ লক্ষ্য ৰাখিছে।ৱাজিৰএক্সৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিচল চেট্টীয়ে কয়, ৱাজিৰএক্সত, আমাৰ গ্ৰাহকসকলৰ প্ৰতি সঁচা হৈ থকা আৰু ক্ৰিপ্টো ভাৰতৰ বাবে উপলব্ধ কৰাটো আমাৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰ। আই.এন.আৰ.-ত আমাৰ নিম্ন বিস্তাৰ আৰু সৰ্বাধিক তৰলতা আৰু লগতে এক সহজে ব্যৱহাৰ কৰিব পৰা আন্তঃপৃষ্ঠ ইতিমধ্যে বজাৰৰ ভিতৰত অতুলনীয়। এই কাৰকবোৰে গ্ৰাহকৰ পদূলি কঢ়িয়াই আনে।