গুজৰাটৰ পাটন জিলাত বুধবাৰে এখন জীপে পিছফালৰ পৰা এখন ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত পাঁচগৰাকী মহিলাসহ ৭জন লোক নিহত হোৱাৰ লগতে আন দহজন লোক আহত হয়।
আৰক্ষীয়ে জনোৱা মতে, ৰাধানপুৰ-ভাৰাহী ঘাইপথৰ মতি পিপলি গাঁৱৰ সমীপত ১৮ জন যাত্ৰী কঢ়িয়াই অনা গাড়ীখনৰ টায়াৰ ফটাত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই নিয়ন্ত্ৰন হেৰুৱাই পেলোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে, যাত্ৰী কঢ়িয়াই অনা জীপখন বাৰাহী গাঁও অভিমুখে গৈ আছিল।
নিহত সকলক ৰাজস্থানৰ সমজুভাই ফুলৱাদী (৫০), দুদাভাই ৰাথোড় (৫০), ৰাধাবেন পৰমাৰ (৩৫), কাজল পাৰমাৰ (৫৯), অমৰুতা ভাঞ্জৰা (১৫) আৰু পিনালবেন ভাঞ্জৰা (৭) বুলি চিনাক্ত কৰা হৈছে।
নিহতসকলৰ এজনৰ এতিয়াও চিনাক্ত হোৱা নাই।
আৰক্ষীয়ে জনোৱা মতে, আহত লোকসকলক ৰাধানপুৰ আৰু পাটনৰ বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
দুয়োখন বাহনৰ চালকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰা আৰু মটৰ গাড়ী আইনৰ সংশ্লিষ্ট ধাৰাত এফআইআৰ ৰুজু কৰা হৈছে।
