ৰে’ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে এন.এফ.ৰে’লৱে মজদুৰ ইউনিয়নৰ জনজাগৰণ দিৱস পালন : ৰে’লত খালী পদ পূৰণ নকৰা সিদ্ধান্তই দেশত ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিব-ৰাখাল দাসগুপ্ত

70

ষ্টাফৰিপৰ্টাৰ, প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ভাৰতীয় ৰে’ল ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ লোৱা, পদ কৰ্তন, নতুন নিযুক্তি বন্ধ কৰা, মৰগীয়া ভাত্তা কৰ্তন কৰা আদি সৰ্বনশীয়া নীতি সমূহৰ বিৰুদ্ধে এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে | এই জনবিৰোধী নীতিবোৰৰ নিৰন্তৰ বিৰোধীতা কৰাৰ অৰ্থে যুগুতোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আজিৰ দিনটো এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নে “জনজাগৰণ দিৱস” হিচাপে পালন কৰে । এই উপলক্ষে ইউনিয়নৰ সকলো শাখাই ৰে’ল ষ্টেচনৰ প্লেটফৰ্ম সমূহত আৰু নিজ নিজ কৰ্মস্থলীত দাবী সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি জনজাগৰণ সৃষ্টি কৰে | উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি সমূহৰ বিৰুদ্ধে এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নে অবিৰাম প্ৰতিবাদ জনাই আহিছে । আনকি কৰোনা মহামাৰীৰ সময়তো স্বাস্থ্য সম্পৰ্কীয় নীতি-নিয়ম মানি ইউনিয়নৰ সদস্য সকলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি সমূহৰ বিৰুদ্ধে পূৰ্বৰে পৰা এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি শ্ৰমিক আৰু দেশবাসীৰ হকে যুজঁ কৰি আহিছে । এই সম্পৰ্কে ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ (এ.আই.আৰ.এফ) সভাপতি বিশিষ্ট শ্ৰমিক নেতা ৰাখাল দাসগুপ্তই কয়, বিয়োগাত্মক অৰ্থনীতি তথা কেন্দ্ৰীয় চৰকাৰৰ অদূৰদৰ্শী পৰিকল্পনা আৰু সময়োচিত পদক্ষেপৰ অভাবৰ বাবে দেশৰ কেবা কোটি যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন হেৰুৱাইছে । শতাধিক শ্ৰমিক কৰ্মচাৰীৰ বিভিন্ন ঘটনাত অপমৃত্যু ঘটিছে । শ্ৰমিক কৰ্মচাৰী সকলৰ কৰ্ম সময় আঠ ঘণ্টাৰ পৰা বাৰ ঘণ্টালৈ বৃদ্ধিৰ দৰে অমানৱীয় তথা শ্ৰমিক বিৰোধী সিদ্ধান্ত চৰকাৰে লৈছে । দেশৰ সংকট মোচনৰ অৰ্থে কৰোনা মহামাৰীৰ ভয়ানক সময়তো ৰে’ল কৰ্মচাৰী সকলে মালবাহী ৰে’ল চলাচল কৰি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী সৰবৰাহ আৰু বিশেষ শ্ৰমিক ৰে’লৰ জৰিয়তে প্ৰবজিত শ্ৰমিক সকলক সুৰক্ষিত যাতায়তৰ ব্যাৱস্থা কৰা ৰে’ল শ্ৰমিক সকলৰ মৰগীয়া ভাত্তা কৰ্তনৰ সিদ্ধান্তই ৰে’ল শ্ৰমিক সকলৰ মনোবল ভাঙি পেলোৱাই নহয় চৰকাৰৰ জন বিৰোধী চৰিত্ৰকো প্ৰকাশ কৰা হৈছে বুলি সৰ্বভাৰতীয় নেতাগৰাকীয়ে অভিযোগ কৰে । একেদৰে ৰে’লৰ দৰে ভাৰতৰ পৰিবহন ব্যৱস্থাত আটাইতকৈ কম খৰচী হিচাপে পৰিগনিত হোৱা ৰে’লবোৰ পুঁজিপতিৰ হাতত গটাই দিবলৈ ওলোৱা সিদ্ধান্তই জনসাধাৰণক মাধমাৰ সোধাব বুলি নেতা গৰাকীয়ে ক্ষোভেৰে কয় । ৰে’ল ব্যক্তিগতকৰণৰ হঠকাৰী সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ লগে লগে আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব দুখীয়া ৰে’লযাত্ৰী সকল আৰু তেওঁলোকৰ অৰ্থিক দিশতো এই জন বিৰোধী নীতিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব। শেহতীয়াভাবে ৰে’ল মন্ত্ৰালয়ে নতুন নিয়োগত নিষেধাজ্ঞা জাৰি কৰি কৰ্মসংস্থাপনৰ অধিক সুযোগ থকা ৰেল বিভাগত নিয়োগৰ সম্ভাৱনা নাইকীয়া কৰাৰ পথ প্ৰশস্ত কৰিলে বুলি সৰ্বভাৰতীয় নেতাগৰাকীয়ে কয় যে নিবনুৱা সমস্যাৰে জৰ্জৰিত দেশখনৰ বাবে এয়া এক নিবনুৱা সকলৰ প্ৰতি প্ৰত্যাহবানস্বৰূপ ।এই সিদ্ধান্তৰ ফলত সমগ্ৰ দেশতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব ।