ৰেলৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা অসম প্ৰদেশ ইউথ ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ

71

ষ্টাফৰিপৰ্টাৰ, কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰেলৰ ১৫১ খন ৰেল ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে অসম প্ৰদেশ ইউথ ট্ৰেড ইউনিয়ন কংগ্ৰেছে ( আই এন টি ইউ চি)। আই এন টি ইউ চিৰ যুৱ শাখাৰ সভাপতি প্ৰাণজিত দাসে এই সম্পৰ্কে কয় ‘চৰকাৰে এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ৰেলৰ লগত জড়িত খাটি খোৱা শ্ৰমিক সকলৰ কথা এবাৰ চিন্তা কৰি চোৱা উচিত আছিল। দেশৰ ৰাজহুৱা খণ্ডবোৰ হঠাৎ ব্যক্তিগত খণ্ডলৈ কিছুমান বণিয়াৰ হাতত বিক্ৰী কৰিবলৈ বিজেপি চৰকাৰখনক কোনে অধিকাৰ দিলে সেয়া স্পষ্ট কৰক। লগতে ৰেলৰ সৈতে জড়িত শ্ৰমিক সকলৰ বাবে চৰকাৰ খনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া স্পষ্ট কৰক। চৰকাৰখনক আমাৰ মূল্যবান সম্পদ সমূহ ব্যক্তিগত খণ্ডলৈ নিয়াৰ পৰা বিৰত থাকিবলৈ আৰু শ্ৰমিকৰ ভৱিষ্যতৰ সৈতে ল’ৰা-ধেমালি নেখেলিবলৈ দাবী জনালোঁ। আনহাতে কৰ’না মহামাৰীৰ ফলত দেশত ১৩ কৌটি নিবনুৱাৰ সৃষ্টি হৈছে। গতিকে নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ বিজেপি চৰকাৰক দাবী জনালোঁ।’