ৰূপহীহাট আৰক্ষীৰ জালত কেঁকো সাপ সৰবৰাহকাৰী

84

ৰূপহীহাট আৰক্ষীৰ জালত কেঁকো সাপ সৰবৰাহকাৰী ।

ৰূপহীহাটৰ বৰপেটাত আৰক্ষীৰ অভিযানত ৫ডাল কেঁকো সাপ সহ আটক কৰে এজন সৰবৰাহকাৰীক ।

ধৃত কেঁকো সাপ সৰবৰাহকাৰী টো হৈছে বৰপেটা গাঁৱৰ জহিৰুল ইছলাম ।

আমনিৰ পৰা মাছৰ কাৰ্টুনত ভৰাই জহিৰুলে আনিছিল কেঁকুসাপ কেইডাল ।

বহিৰাজ্যত সৰবৰাহৰ যো-জা চলোৱাৰ পূৰ্বেই আৰক্ষীয়ে গোপন খবৰ ভিত্তিত অভিযান চলাই জহিৰুলৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে দুষ্প্ৰাপ্য সাপকেইডাল।

সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰীটোক।