ৰূপহীহাটৰ শিঙিমাৰীত আৰক্ষীৰ গুলীচালনা।

105

ৰূপহীহাটৰ শিঙিমাৰীত আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ গুলিত আহত শালপাৰাৰ ৰাজিবুল হক নামৰ এজন সাধাৰণ যুৱক।
ৰূপহীহাট আৰক্ষীয়ে ডকাইতৰ সন্ধানত চলাইছিল এক অপাৰেশ্যন। এই অপাৰেশ্যন ৰূপহীহাট আৰক্ষীৰ দুটা টিমে চলাই গৈছিল, এটা টিমৰ নেতৃত্ব বহন কৰিছিল ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ কুমাৰ ৰয়। ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত অপাৰেশ্যন চলোৱা টিমটোৱে ৰূপহীৰ গুনাবাৰীৰ ফুলতলিত অপাৰেশ্যন চলাই জাহিৰ হাছান আৰু জামাল উদ্দিন নামৰ দুজন কুখ্যাত ডকাইতক কৰায়ত্ত কৰে। ধৃত ডকাইত দুজনৰ পৰা আৰক্ষীয়ে এটা 6.35mm ৰ পিষ্টল আৰু দুজাই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আনহাতে আৰক্ষীৰ আনটো টিমে বহুত দিনৰ পৰা বিচাৰি ফুৰা জাহিৰ আলম নামৰ এজন ডকাইতৰ সন্ধানত অপাৰেশ্যনৰ তহল দি আছিল ৰূপহীহাটৰ শিঙিমাৰীত। সেই সময়তে শালপাৰাৰ ৰাজিবুল হ’ক নামৰ এজন নিৰিহ যুৱক বাইকেৰে চাইদৰৰ পৰা কাম কৰি ঘৰ অভিমুখে শালপাৰালৈ গৈ আছিল। আৰক্ষীয়ে বাইকখন ৰখোৱাৰ ভাৱে ছিগনেল দিছিলে যুৱক জনক যদিও নিৰিহ যুৱকজনে আৰক্ষীৰ ভয়তে ছিগনেল অমান্য কৰি গুচি যোৱাৰ চেষ্টা চলোৱাত আৰক্ষীয়ে বাইকৰ চকাত লক্ষ্য কৰি গুলি কৰাত দুৰ্ভাগ্যবশতঃ নিৰিহ যুৱক জনৰ বাইকৰ চকাত নালাগি যুৱক জনৰ ভৰিৰ তলোৱাত গুলি লাগে। ততাতৈয়াকৈ আৰক্ষীয়ে শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই যদিও উন্নত চিকিৎসাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।ইপিনে গুলিবিদ্ধ যুৱক জনৰ ভাষ্য অনুসৰি যুৱক জনে আৰক্ষীয়ে দিয়া ছিগনেল মতেই অলপ আঁতৰত ৰাস্তাৰ কাষতে ৰখাইছিলে বাইকখন। এতিয়া সঠিক তদন্তৰ অন্ততহে গম পোৱা যাব প্ৰকৃততে ঘটনাটো কি হৈছিল?