এয়াই উন্নয়নৰ আচল নমুনা। এয়াই পৰিবৰ্তনৰ প্ৰকৃত স্বৰূপ। আপুনি হয়তো আপোনাৰ ঘৰত কাৰেণ্ট নগলে ভাল পায়। কিন্তু ৰূপহী হাট সমষ্টিৰ জনতাই কাৰেণ্ট গলেহে স্বস্তিৰ উশাহ এৰে। কাৰণ অৱশ্যেই বিদ্যুৎ বিভাগ।
বিদ্যুৎ বিভাগৰ আমনোযোগিতাৰ বাবেই ৰূপহীহাট সমষ্টিৰ বিভিন্ন অঞ্চলত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুমুখত পৰিছে কেইবাজনো লোক। বিদ্যুৎ বিভাগে চৰম গাফিলতিৰে পকী খুটাৰ পৰিবৰ্তে বাঁহ, তামোল আৰু গছৰ খুঁটাতেই বিদ্যুৎ পৰিবাহী তাঁৰ ওলোমাই ৰাখিছে। বহু পৰিয়ালৰ ঘৰৰ মুধছেৰে পাৰ হৈছে বিদ্যুৎ পৰিবাহী তাঁৰ। যাৰ বাবে সংঘটিত হৈ আহিছে নানান দুর্ঘটনা।
অঞ্চলবাসীয়ে সময়মতে বিদ্যুৎ মাচুল ভৰি আহিছে ঠিকেই, কিন্তু বিভাগৰ হেমাহিয়েহে এক শংকিত জীৱন পাৰ কৰিবলৈ বাধ্য কৰাইছে অঞ্চলবাসীক। এক বিপদশঙ্কুল পৰিস্থিতিৰে পৰিবাহিত হোৱা বিদ্যুৎ সংযোগৰ বাবেই অঞ্চল বাসীয়ে এলেকাটোত কাৰেণ্ট নাথাকিলে স্বস্তিৰ নিশ্বাস এৰিব পাৰে
কিন্তু একবিংশ শতিকাৰ তথাকথিত পৰিবৰ্তনৰ সৈতে খোজ মিলোৱাৰ চেষ্টা কৰিয়েই বাঁহ-তামোলৰ খুটাৰ ঠাইত পকী খুটাৰ ব্যৱহাৰ কৰিবলৈ বাৰম্বাৰ দাবী জনাই আহিছে ৰূপহীহাট সমষ্টিৰ জুৰীয়া আৰু অন্য অঞ্চলৰ ৰাইজে।
