ৰূপহীহাটত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

76

ৰূপহীহাট আৰক্ষীয়ে শালপাৰাত অভিযান চলাই ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

উপ পৰিদৰ্শক তুষাৰজ্যোতি বৰাৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ছাহাব উদ্দিন নামৰ এজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে হেৰোইন জব্দ কৰে।

ইপিনে আৰক্ষীৰ অভিযানৰ খবৰ পাই আন দুজন সৰ্বৰহাকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত ছাহাব উদ্দিনে অতি কৌশলেৰে ঠেলা গাড়ীত ভঙা-ছিঙা বস্তুৰ লগত ৰাখিছিল এই হিৰ’ইনখিনি।