ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান

193

ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান।
ৰূপহীহাটৰ তাৰাবাৰীৰ পৰা জব্দ কৰে গৰু ভৰ্তি এখন ট্ৰাক।
ৰূপহীহাট আৰক্ষীয়ে জুৰীয়া আৰক্ষীৰ সহযোগত যৌথভাৱে অভিযান চলাই ২২ টাকৈ চোৰাং গৰুৰ লগতে আটক কৰে তিনিজন লোকক।
ধৃত লোক কেইজন ক্ৰমে গেহুৱা চলচলীৰ খলিল উদ্দিন, চামগুৰি ভগামুখৰ ওৱাহিদুল ইছলাম আৰু জুৰীয়া কালিয়াটেঙ্কিয়াৰ ৰফিকুল ইছলাম। AS 02 BC 3654 নম্বৰৰ এখন ট্ৰাকেৰে সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে গৰু কেইটা।
ৰূপহীহাটৰ জুৰীয়াৰ পৰা বহিঃৰাজ্য লৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে গৰু ভৰ্তি বাহনসহ তিনিজনকৈ লোকক।
অধিক তথ্যৰ বাবে ধৃত আটকাধীন কেইজনক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে ৷
জব্দ কৃত গৰু কেইটা গোশালাত প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে ৰূপহীহাট আৰক্ষীয়ে।