ৰূপম গোস্বামীক বি জে পি দলৰ মুখ্য মুখপাত্ৰ হিচাপে দায়িত্বভাৰ অৰ্পন

60

ষ্টাফৰিপৰ্টাৰ, ৮ জুলাই: ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মিডিয়া প্ৰভাৰী তথা ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীক দলৰ মুখ্য মুখপাত্ৰ হিচাপে দায়িত্বভাৰ অৰ্পন কৰে। প্ৰথমবাৰৰ বাবে দলৰ মুখ্য মুখপাত্ৰ হিচাপে ৰূপম গোস্বামীয়ে এই পদত নিযুক্তি লাভ কৰা দলৰ প্ৰথমজন ব্যক্তি । বহুতো কঠিন সময়ত ৰূপম গোস্বামী য়ে ভাৰতীয় জনতা পাৰ্টি ,অসম প্ৰদেশ’ক বলিষ্ঠ কণ্ঠৰে সন্মূখৰ পৰা নেতৃত্ব দি আহিছে আৰু দল তথা চৰকাৰৰ ওপৰত কৰা প্ৰতিটো প্ৰশ্নৰ তেওঁ উচিত প্ৰত্যুত্তৰ দি আহিছে। ইয়াৰ লগতে ৰূপম গোস্বামী বিশিষ্ট ব্যৱসায়ী তথা সমাজসেবক হিচাপেও সকলোৰে মাজত পৰিচিত। তেওঁ অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ তথা কনফেদাৰেচন অফ অল ইণ্ডিয়ান ট্রেদাৰচৰ ৰাষ্ট্ৰীয় উপসভাপতি।অনাগত দিনত তেওঁ সৱল নেতৃত্বত দলে অধিক মজবুত স্থিতি লাভ কৰিব বুলি দলৰ প্ৰতিজন কাৰ্য্যকৰ্তা দৃঢ়বিশ্বাসী।