ৰূপনগৰ মুক্তি যুঁজাৰু পথ, লাচিত নগৰত কৃত্ৰিমবান

54

ষ্টাফৰিপোৰ্টাৰ, ২৪ মে’ : এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায়। গুৱাহাটী মহানগৰীৰ ব্যস্ত পথ সমূহৰ ভিতৰত অন্যতম ব্যস্ত পথ ৰূপনগৰ মুক্তি যুঁজাৰু পথ। কিন্তু এই অতি ব্যস্ত পথটো এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায়। এজাক বৰষুণতে একাঠু পৰ্যন্ত কৃত্ৰিম বানৰ সৃষ্টি হোৱা এই পথটোৰ কৃত্ৰিমবান নিষ্কাষণৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো বিজ্ঞান সন্মত ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই।
পূৱ গুৱাহাটী সমষ্টিৰ ১৮ নং ৱাৰ্ডৰ অন্তৰ্গত এই পথটোত জমা হোৱা কৃত্ৰিমবান কোনো ফালে ওলাই যোৱাৰ ব্যৱস্থা নথকাৰ ফলত স্থানীয় বাসিন্দা সকলে বছৰৰ পাছত বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে। স্থানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এই ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে একাংশ স্থানীয় বাসিন্দাই। লগতে বিভাগীয় কৰ্তৃপক্ষক শীগ্ৰে এই পথছোৱা মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তোলাৰ বাবে স্থানীয় বাসিন্দাই দাবী জনাইছে।
ইফালে লাচিত নগৰত এজাক বৰষুণতে বাপানীৰ কবলত পৰে৷ মনকৰিবলগীয়া যে লাচিত নগৰবাসী ৰাইজে বাৰিষা কেইটাদিন বানপানীৰ লগত সহবাস কৰিব লগা হয়৷
লাচিত নগৰ নাগৰিক মঞ্চৰ সভাপতি ড° দয়ানন্দ পাঠক আৰু সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাই লাচিত নগৰ অঞ্চলক বানপানীমুক্ত কৰিবলৈ দাবী জনাইছে৷
লাচিত নগৰ পথৰ আন্দাৰগ্ৰাউন্দ নলাটো যুগযুগান্তৰ ধৰি পৰিস্কাৰ নকৰাৰ ফলত নলাটো প্ৰায় জাবৰৰে বন্ধ হৈ পৰাত আৰু শৰণীয়া পাহাৰৰ পানী সমুহ লাচিত নগৰ নলাত সংযোগ কৰাত অঞ্চলটোৱে সমগ্ৰ মহানগৰীৰ পানীৰ ভৰ লবলগীয়া হোৱাত অঞ্চলটোত বানপানীৰ সৃষ্টিৰ কাৰণ বুলি লাচিত নগৰ নাগৰিক মঞ্চই সদৰী কৰি অচিৰেই অঞ্চলৰ বানপানী মুক্ত কৰাৰ লগতে উপপথসমুহ নিৰ্মাণ কৰি ষ্ট্ৰীট লাইটৰ নিয়মীয়া ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷৷”
উল্লেখ গুৱাহাটী মহানগৰীৰ অনিল নগৰ, নবীন নগৰৰ সমান্তৰালকৈ মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলৰ পথ- উপপথ এজাক বৰষুণতে ডুব যায় যদিও আজি পৰ্যন্ত মহানগৰবাসীৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্ত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই।