ষ্টাফৰিপৰ্টাৰ, ১৭ জুন: ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ ১১৭ সংখ্যক জন্ম বাৰ্ষিকীত শিল্পী জনাক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।জ্যোতিপ্ৰসাদ আগৰৱালা-
অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা৷ অসমীয়া ভাষা সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা,শিশুসাহিত্য, আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷ অসমীয়া সংস্কৃতিলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক “ৰূপকোঁৱৰ” বুলি কোৱা হয় । অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক ।
