মহানগৰীৰৰ ৰাজপথত সুৰাসক্ত হৈ ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিয়া যুৱতীগৰাকীৰ জামিন মঞ্জুৰ কৰিলে আদালতে। শনিবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰে যুৱতীগৰাকীৰ জামিন। আদালতত অভিযুক্ত যুৱতীগৰাকীৰ হৈ যুক্তি দৰ্শায় অধিবক্তা প্ৰাঞ্জল দত্ত আৰু প্ৰসন্নজ্যোতি শইকীয়াই।
উল্লেখ্য যে, শুকুৰবাৰে নিশা প্ৰায় ২ বজাত সুৰাসক্ত অৱস্থাত বাহন চলাই ৰুক্মিণীগাঁৱত ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিছিল যুৱতীগৰাকীয়ে। এই ঘটনাত এজন শ্ৰমিকৰ দুয়োখন ভৰি ছিগি যায়। আহত আটাইকেইজন শ্ৰমিক বৰ্তমান GMCH ত চিকিৎসাধীন হৈ আছে।
