ৰিপুণ বৰাৰ গা বদৰ বদৰ গোন্ধায়ঃ হিমন্ত বিশ্ব শৰ্মা

60

সোমবাৰে বটদ্ৰৱাত বদৰুদ্দিন আজমলে গুৰুজনাক লৈ কৰা সমালোচনাৰ পিছতে আজি মন্ত্ৰী হিমন্তই উভতি ধৰি কয় যে অসমত কেতিয়াও কংগ্ৰেছৰ চৰকাৰ নহয়, কংগ্ৰেছীসকলকহে মানুহে ব্ৰহ্মপুত্ৰত পেলাই দিব ৷ কেতিয়াও অসমত চৰকাৰ পৰিবৰ্তন নহয়, পৰিবৰ্তন হ’লে কংগ্ৰেছৰ পৰিবৰ্তন হ’ব ৷ লগতে আৰু মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছীসকলৰ শৰীৰটো ভালকৈ ধুৱাব লাগিব ৷

কিয়নো সিহঁতৰ গাত যি বদৰুদ্দিন আজমল আজমল গোন্ধাই আছে সেইবোৰ চাফ হ’ব আৰু বদৰ নাইকীয়া হ’ব৷ আনহাতে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ গাটো বদৰ বদৰ গোন্ধাই থাকে ৷ সেয়েহে মন্ত্ৰী হিমন্তই ৰিপুণ বৰাৰ ওচৰত কেতিয়াও নাযায় বুলি মত প্ৰকাশ কৰে ৷