ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীলৈ মুম্বাই আৰক্ষীৰ কাৰণ দৰ্শোৱাৰ জাননী

116

ডিজিটেল ডেস্কঃ ষ্টুডিঅ’ত বহি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীলৈ কাৰণ দৰ্শোৱাৰ জাননি জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১০৮ ধাৰাৰ অধীনত জাননি জাৰি কৰা হৈছে। আনহাতে ১৬ অক্টোবৰৰ বিয়লি ৪ বজাত স্পেচিয়েল একজিকিউটিভ মেজিষ্ট্ৰেট আৰু এচিষ্টেণ্ট কমিশ্যনাৰ অফ পুলিচৰ সন্মুখত অৰ্ণৱ গোস্বামীক হাজিৰ হোৱাৰো নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, এপ্ৰিল মাহত সংঘটিত মহাৰাষ্ট্ৰৰ পালঘৰৰ সাধু হত্যাক লৈ অৰ্ণৱ গোস্বামীয়ে অনুষ্ঠিত কৰিছিল এটা টক শ্ব। এই টক শ্ব’ত গোস্বামীয়ে সমগ্ৰ ঘটনাটোত সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা কৰিছিল। কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীক লৈও কটু মন্তব্য কৰিছিল অৰ্ণৱ গোস্বামীয়ে। তাৰ পিছতে সাংবাদিকজনৰ বিৰুদ্ধে নাগপুৰৰ এখন থানাত গোচৰ ৰুজু কৰা হৈছিল।