ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ অভিনেত্ৰী পূজা ভাটৰ…

60

বুধবাৰে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰি অভিনেত্ৰী-চলচ্চিত্ৰ নিৰ্মাতা পূজা ভাটে ৰাহুল গান্ধীৰ সৈতে একে লগে খোজ কৰা দেখা যায়।

যাত্ৰাত যোগদান কৰা বলীউডৰ প্ৰথমগৰাকী বিখ্যাত চেলিব্ৰেটি গৰাকীয়ে ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰি থকাৰ সময়তে তেওঁৰ সৈতে খোজ কাঢ়ি থকা দেখা যায়।

ছ’চিয়েল মিডিয়াত বিভিন্ন বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে অভিনেত্ৰী-পৰিচালক-প্ৰযোজকগৰাকীয়ে।

১৯৮৯ চনত মুক্তি পোৱা “ডেডী” ছবিৰ জৰিয়তে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল পূজা ভাটে।

প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটৰ কন্যা অভিনেত্ৰীগৰাকীয়ে প্ৰডাকচনত খোজ দিয়াৰ পূৰ্বে “দিল হ্যে কি মানতা নহী”, “সড়ক”, “ফিৰ তেৰী কাহানী য়াদ আয়ী”, “ছৰ” আৰু “জখম” আদি চিনেমাত সমালোচকৰ প্ৰশংসিত অভিনয় কৰিছিল আৰু “তাম্মানা”, “সুৰ”, “পাপ” আৰু “ছুটী”ৰ দৰে ছবি পৰিচালনা কৰিছিল।

হায়দৰাবাদ চহৰৰ বালানগৰ মেইন ৰোডৰ এম জি বি বাজাজ শ্ব’ৰুমৰ পৰা পুনৰ যাত্ৰা আৰম্ভ হয় আৰু যাত্ৰাৰ ৫৬ সংখ্যক দিনত আন ভাৰত যাত্ৰীৰ সৈতে ৰাহুল গান্ধীয়ে খোজকাঢ়ি যাত্ৰা অব্যাহত ৰাখে।

তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা।

যোৱা সপ্তাহত যাত্ৰাৰ তেলেংগানাত যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰাহুল গান্ধীয়ে তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশত মাৰাথন ৱাক সম্পূৰ্ণ কৰিছে।

তেলেংগানা ৰাজ্য কংগ্ৰেছে এই যাত্ৰাৰ সমন্বয়ৰ বাবে ১০খন বিশেষ সমিতি গঠন কৰিছে।