কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক সাক্ষাৎ কৰি বুধবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে উপ নিৰ্বাচনত মিত্ৰতাৰ প্ৰস্তাৱ প্ৰদান কৰাৰ পিছতে আজি দিল্লীলৈ উৰা মাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা। অখিল গগৈৰ উপস্থিতিত দিল্লীত তেওঁ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু মুকল ৱাচনিকৰে এক বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে।
যদি সকলো ঠিকে থাকে তেন্তে সমাগত অসমৰ উপ নিৰ্বাচনত ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে মিলি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখ্য যে, এআইএইডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰজঁটৰ অন্ত পৰাৰ পিছতে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰজোঁট গঢ়ি উঠাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। তেনে পৰিপ্ৰেক্ষিততে বুধবাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল অখিল গগৈয়েও। আনহাতে উপ নিৰ্বাচনৰ উপৰিও ২০২৪ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভতো ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰে অখিল গগৈয়ে।
