২০২২ চনৰ উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উত্তৰাখণ্ডৰ আদালতে চমন জাৰি কৰিছে। উত্তৰাখণ্ড কংগ্ৰেছৰ মুখপাত্ৰ গণেশ উপাধ্যায়ে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজহুৱা সভাত শৰ্মাই গান্ধীৰ বংশক লৈ প্ৰশ্ন উত্থাপন কৰি মাতৃ ছোনিয়া গান্ধীৰ বিৰুদ্ধে মানহানিকাৰক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰি তৰা গোচৰত এই চমন জাৰি কৰিছে আদালতে৷
উপাধ্যায়েও অভিযোগ কৰে যে শৰ্মাৰ এই মন্তব্য প্ৰদাহজনক আৰু তথ্য প্ৰযুক্তি আইনৰ অপব্যৱহাৰ আছিল। সমাৱেশত শৰ্মাই কৈছিল যে ভাৰতে জেনেৰেল বিপিন ৰাৱটৰ নেতৃত্বত পাকিস্তানত চার্জিকেল ষ্ট্ৰাইক চলাইছিল আৰু ৰাহুল গান্ধীয়ে এই চার্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰিছিল। ইয়াৰ পিছত তেওঁ সুধিলে যে কংগ্ৰেছ নেতাজনক কেতিয়াবা তেওঁ কাৰ পুত্ৰ বুলি প্ৰমাণ কৰিবলৈ কোৱা হৈছে নেকি?
অভিযোগৰ উত্তৰ দিবলৈ ২১ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী শৰ্মা। ৰাহুল গান্ধীৰ ওপৰত কৰা মন্তব্যৰ বাবে শৰ্মাই আইনী সমস্যাৰ সন্মুখীন হোৱাটো প্ৰথম নহয়। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাহুল গান্ধী আৰু ৰাজীৱ গান্ধীৰ সম্পৰ্ক সন্দৰ্ভত দিয়া বক্তব্যক লৈ হায়দৰাবাদত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেভান্ত ৰেড্ডীয়ে কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছিল শৰ্মাৰ বিৰুদ্ধে।
