ৰাহুলে নহয়, লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছক নেতৃত্ব দিব ছোনীয়া গান্ধীয়ে

96

ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত যদিও আৰু তিনিবছৰেই বাকী, তথাপিও দিল্লী দখলৰ ৰণকৌশল গঠনত নামি পৰিছে সকলো ৰাজনৈতিক দল। নৰেন্দ্ৰ মোডীক পৰাভূত কৰিবলৈ এইবাৰ বিৰোধী শক্তি একত্ৰিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু দেশৰ মূল বিৰোধী দল কংগ্ৰেছৰ নেতৃত্ব কোনে চম্ভালিব তাক লৈ আৰম্ভ হৈছে জল্পনা কল্পনাৰ।

মিডিয়াৰ খবৰ অনুসৰি, লোকসভা নিৰ্বাচন পৰ্যন্ত ছোনীয়া গান্ধীয়েই কংগ্ৰেছৰ নেতৃত্ব দিব। অন্তৱৰ্তীকালীন অধ্যক্ষ ৰূপে তেওঁ কংগ্ৰেছত দায়িত্ব নিৰ্বাহ কৰিব। ইফালে তেওঁক সহায় কৰিবলৈ ৪ গৰাকী কাৰ্যকৰী সভাপতি নিয়োগ কৰা হব পাৰে বুলিও খবৰ প্ৰকাশ পাইছে। যাৰ বাবে জ্যেষ্ঠ নেতা গুলাম নবী আজাদ, শচীন পাইলট, কুমাৰী শৈলজা, মুকুল ওৱাছনিক আৰু ৰমেশ চেন্থিলাৰৰ নাম চৰ্চালৈ আহিছে।

উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল। তাৰ পিছতে কংগ্ৰেছৰ নেতৃত্বক লৈ আৰম্ভ হৈছিল তীব্ৰ চৰ্চাৰ। একাংশ জ্যেষ্ঠ কংগ্ৰেছীয়ে পৰিবাৰবাদৰ অন্ত পেলাই কংগ্ৰেছৰ নেতৃত্ব কোনো অভিজ্ঞ নেতাক প্ৰদান কৰাৰ দাবী জনালেও অৱশেষত ছোনীয়া গান্ধীয়েই দলটোৰ অন্তৱৰ্তীকালীন অধ্যক্ষৰূপে দায়িত্ব গ্ৰহণ কৰে।