ৰাষ্ট্ৰীয় ৰীয়েলিটি শ্ব’ৰ মজিয়াত পুনৰ এবাৰ জিলিকিল অসম সন্তান। কিডছ ডান্স ৰিয়েলিটি শ্ব’ Super Dancer Chapter 4 ৰ ফলাফলত অসমীয়া জীয়ৰী ফ্লৰিনা গগৈ বিজয়ী হৈ গৌৰৱ কঢ়িয়াই আনে সমগ্ৰ অসমবাসীলৈ। পুৰস্কাৰত তেওঁ ১৫ লাখ টকাৰ লগতে লাভ কৰে ট্ৰফী। আনহাতে ফ্লোৰিনাৰ গুৰু তুষাৰ চেট্টীকো ৫ লাখ টকাৰে পুৰস্কৃত কৰা হৈছে।
উল্লেখযোগ্য যে, মৰমলগা কণ্ঠ আৰু মুখায়বৰ ভাব-ভঙ্গীৰে ৰীয়েলিটি শ্ব’ৰ আৰম্ভণিৰ পৰাই দৰ্শক আৰু বিচাৰকৰ মনত ঠাই দখল কৰিবলৈ সক্ষম হৈছিল ফ্লৰিনাই। এই অনুষ্ঠানটোৰ বিচাৰক হিচাপে আছিল শিল্পা চেট্টী কুন্দ্ৰা, গীতা কাপুৰ আৰু অনুৰাগ বসু।
