ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হব বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোঁহাঞিৰ

83

ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হব বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোঁহাঞিৰ। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

টুইটাৰত এই সন্দৰ্ভত জানিবলৈ দি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰয়াত বৰগোঁহাঞিৰ শেষকৃত্যৰ বাবে সকলো ব্যৱস্থা কৰিবলৈ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুক নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, আজি পুৱা ৬.৫৮ বজাত গুৱাহাটী চিকিত্সা মহাবিদ্যালত ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোঁহাঞিয়ে। কিছুদিন পূৰ্বে তেওঁ কোৰোনাত আক্ৰান্ত হৈছিল হৈছিল পিছত সুস্থ হৈ ঘৰলৈ উভতিছিল। কিন্তু কালি নিশা হঠাত্ বিচনাৰ পৰা বাগৰি পৰাৰ পিছতে অসুস্থ হৈ পৰিছিল বৰগোঁহাঞি।