ৰাষ্ট্ৰীয় মাজদূৰ কংগ্ৰেছ, অসম শাখাৰ ধৰ্মঘট

59

ষ্টাফৰিপোৰ্টাৰ, ২২ মে’ : সমগ্ৰ দেশৰ লগতে ৰাষ্ট্ৰীয় মাজদূৰ কংগ্ৰেছ, অসম শাখাই চৰকাৰে লোৱা নতুন শ্ৰমিক আইন সংশোধনী সম্পৰ্কে তীব্ৰ প্ৰতিবাদ জনাই ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে।শুকুৰবাৰে অনুষ্ঠিত উক্ত কাৰ্যসূচীত শ্ৰমিকৰ মৌলিক অধিকাৰ সমূহ নাকচ কৰা, ঠিকাভিত্তিক শ্ৰমিক নিয়োগ, কৰ্মচাৰী সকলৰ পূৰ্বৰ কৰ্তব্যৰ সময়সীমা ৮ ঘন্টাৰ পৰিবৰ্তে ১২ ঘণ্টালৈ বৃদ্ধি কৰা, আই এল অ’ আৰু বিশ্ব মানৱ অধিকাৰ আয়োগ মানি লোৱা, শ্ৰমিক সকলৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ স্পৰ্ধা, চাকৰিৰ পৰা বৰ্খাস্ত কৰা, দৰমহা কৰ্তন কৰা আদি এশ এবুৰি সমস্যাৰ বিষয়ে বিস্তাৰিত ভাৱে বক্তব্য দাঙি ধৰে ৰাষ্ট্ৰীয় মাজদূৰ কংগ্ৰেছ, অসম শাখাৰ সভাপতি হিৰণ্য বৰাই। এই প্ৰতিবাদী কাৰ্যসূচীত মজদূৰ কংগ্ৰেছ যুৱ মঞ্চৰ সভাপতি দ্বীপ বায়ন, উপ-সভাপতি কিৰিপ চলিহা তথা মজদূৰ কংগ্ৰেছ অসম শাখাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে শ্ৰমিকৰ নাৰ্য প্ৰাপ্তিৰ বাবে বক্তব্য দাঙি ধৰে। সভাই সৰ্বসন্মতিক্ৰমে শ্ৰমিকৰ নাৰ্য প্ৰাপ্তি দাবী চনদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰে।