গুৱাহাটীঃ দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিশ্ৰুতিসম্পন্ন কিকবক্সাৰ আৰু আন তিনিগৰাকী যুৱতীয়ে অসমৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰাৰ অভিযোগ উত্থাপন হৈছে।
লক্ষণীয়ভাৱে, ১২ নৱেম্বৰ শুক্ৰবাৰে এটা ভিডিঅ’ ভাইৰেল হয়, য’ত মহিলা খেলুৱৈসকলে আলফাত যোগদান কৰাৰ কথা ঘোষণা কৰা দেখা যায়। মহিলা কিকবক্সাৰ দুগৰাকীৰ এগৰাকীক তিনিচুকীয়া জিলাৰ নয়নমতী চেতিয়া বুলি চিনাক্ত কৰা হৈছে আৰু আন গৰাকীক ধেমাজি জিলাৰ গোগামুখৰ সবিতা চেতিয়া বুলি চিনাক্ত কৰা হৈছে।
কিকবক্সাৰ দুগৰাকীৰবউপৰিও ভিডিঅ’টোত দেখা পোৱা আন তিনিগৰাকী যুৱতীৰ এগৰাকীক লখিমপুৰ জিলাৰ লালুকৰ শৰ্মিষ্ঠা শইকীয়া বুলি চিনাক্ত কৰা হৈছে। আনহাতে আন যুৱতী দুগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই যদিও সূত্ৰঅনুসৰি তেওঁলোক অসমৰ মাজুলী আৰু মৰিগাঁৱৰ জিলাৰ বাসিন্দা।
শ্বেয়াৰ কৰা ভিডিঅ’টোত নয়নমতী আৰু সবিতা নামৰ দুগৰাকী মহিলা কিকবক্সাৰৰ লগতে অসমৰ আন তিনিগৰাকী ছোৱালীৰ সৈতে ঘন অৰণ্যত প্ৰৱেশ কৰাৰ দৃশ্য দেখা গৈছিল।
যেতিয়া অসম চৰকাৰে শান্তি আলোচনা কৰাৰ বাবে আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে সেই সময়ত ৰাষ্ট্ৰীয় প্ৰতিভাসম্পন্ন খেলুৱৈ আৰু আন তিনিগৰাকী যুৱতী আলফাত যোগদানৰ বাবে ৰাওনা হোৱাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
