ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ এবাৰ উজ্বলিল অসমীয়া ছবি…

61

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ এবাৰ উজ্বলিল অসমীয়া ছবি, সোমবাৰে ঘোষণা হোৱা ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ ৪ খনকৈ ছবিয়ে, বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈৰ পৰিচালিত ‘ৰণুৱা’ ছবিয়ে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ‘ৰজত কমল বঁটা’ লাভ কৰিছে, তাৰ লগতে আন এখন অসমীয়া ছবি ‘জোনাকী পৰুৱা’লৈ আগবঢ়োৱা হৈছে জুৰীৰ বিশেষ সন্মান, শ্ৰেষ্ঠ মিচিং ছবি ‘অনুৰোৱাদ’লৈয়ো আগবঢ়োৱা হৈছে ৰজত কমল সন্মান। আনহাতে, সঞ্জীৱ নাৰায়ণ নিৱেদিত আৰু এম এম টেলিভিছন প্ৰযোজিত মনপা ভাষাৰ ছবি ‘Water Burial’- এ লাভ কৰিছে পৰিৱেশ বিষয়ক শ্ৰেষ্ঠ ছবিৰ বঁটা। Water Burial ছবিখন পৰিচালন তথা ইয়াৰ কাহিনী, চিত্ৰনাট্য শান্তনু সেনৰ।
.
৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাত শ্ৰেষ্ঠ হিন্দী ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত অভিনীত ছবি ছিছোৰেয়ে, হিন্দী ছবিজগতৰ অভিনেতা মনোজ বাজপেয়ী আৰু তামিল অভিনেতা ধনুষলৈ যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে, মণিকৰ্ণিকা ছবিত কৰা বলিষ্ঠ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে কংগণা ৰাণাৱটে,

ইয়াৰপৰি শ্ৰেষ্ঠ খাচী ছবি ‘লেউডোহ’লৈ আগবঢ়োৱা হৈছে ৰজত কমল বঁটা। এইবাৰ ছিকিমলৈ ‘ফিল্ম ফ্ৰেণ্ডলী’ ৰাজ্যৰ স্বীকৃতিও প্ৰদান কৰা হৈছে। ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবিৰ স্বীকৃতি লাভ কৰিছে ‘মাৰাকাৰ- LION OF THE ARABIAN SEA’ নামৰ মালায়ালম ছবিখনে।