ৰাষ্ট্ৰপতি ভৱনত কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

101

কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰূপে শপত ল’লে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নাৰায়ণ ৰাণেৰ পিছতে কেবিনেট মন্ত্ৰীৰূপে শপত লয় সৰ্বানন্দ সোণোৱালে।

উল্লেখ্য যে, মোডী চৰকাৰৰ মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ ঘটোৱা হৈছে। ৪৩ গৰাকী নতুন নেতাক এইবাৰ কেন্দ্ৰীয় কেবিনেটত স্থান দিয়া হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় সাৰ আৰু ৰসায়ণ বিভাগৰ মন্ত্ৰীৰূপে নিযুক্তি দিয়া হৈছে।

প্ৰণিধানযোগ্য যে, ২০২১ৰ বিধানসভা নিৰ্বাচনত ৰাজ্য চৰকাৰৰ বাঘজৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত বিজেপি নেতৃত্বই অৰ্পণ কৰাৰ পিছতে সৰ্বানন্দ সোণোৱালৰ ভুমিকাক লৈ চৰ্চা আৰম্ভ হৈছিল। তেওঁৰ যাতে মৰ্যাদা হানি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় কেবিনেটত সৰ্বানন্দ সোণোৱালৰ স্থান সুনিশ্চিত কৰিছিল বিজেপি নেতৃত্বই।