ৰাম মন্দিৰৰ ভূমি পূজনক লৈ ন-কইনাৰ দৰে সজোৱা হৈছে অযোধ্যা: এইবাৰ গেৰুৱা হব ৰামলীলা…

96

ডিজিটেল ডেস্ক:- বহু বিবাদিত অযোধ্যাৰ ৰাম জন্মভূমিত নিৰ্মান হব ৰাম মন্দিৰ। দেশৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰদান কৰা এই ঐতিসাহিক ৰায়ে হিন্দু সমাজৰ মাজত আনন্দৰ জোৱাৰ তুলিছিল। তাৰ পিছতে সমগ্ৰ বিশ্বত ভয়াবহ ৰূপ ধাৰণ কৰা মহামাৰী কোৰোনাৰ সন্ত্ৰাসৰ মাজতে অহা ৫ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰধানমন্ত্ৰীৰ এই অযোধ্যা আগমন তথা ভূমি পূজন কাৰ্যসূচীক লৈ এতিয়া ন-কইনাৰ দৰে সজাই তোলা হৈছে ৰাম নগৰী। কেন্দ্ৰীয় চৰকাৰৰ সহযোগত উত্তৰপ্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে অযোধ্যাক সাজু কৰি তুলিছে ভূমি পূজন কাৰ্যসূচীৰ বাবে।

চহৰখনৰ ফ্লাই অভাৰ, বাট-পথ সমূহ নতুনকৈ নিৰ্মান কৰা হোৱাৰ লগতে দেৱাল সমূহত বিভিন্ন পেইণ্টিং কৰা দেখা গৈছে। এই কাৰ্যত চৰকাৰৰ লগতে বিজেপিৰ স্বেচ্ছাসেৱী আৰু কৰ্মী সকলেও পূৰ্ণ সহযোগ আগবঢ়াইছে। আনহাতে ভূমি পূজন কাৰ্যসূচীৰ সম্পৰ্কে ৰাইজক বিভিন্ন ধৰণে অৱগত কৰাৰ কামো হাতত লৈছে বিজেপিয়ে।

অইনফালে ৰাম জন্মভূমি ট্ৰাষ্টৰ অধ্যক্ষ মহন্ত নৃত্য গোপাল দাসে জানিবলৈ দিয়া মতে এইবাৰ ৰামলীলাত গেৰুৱা ৰঙৰ ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে। ৰামৰ সাজ-পোছাকৰ উপৰিও পৰ্দা, গাৰুৰ গিলিপ, বিচনা চাদৰ আদি সকলো বস্ত্ৰই গেৰুৱা ৰঙৰ হব বুলি জানিবলৈ দিয়ে মহন্ত নৃত্য গোপাল দাসে। ইয়াৰ কাৰণ সম্পৰ্কে জানিবলৈ দি তেওঁ কয় যে বুধবাৰৰ দিনটোৰ ৰং গেৰুৱা বুলি মনা হয়। আৰু যিহেতু অহা ৫ আগষ্টৰ দিনটোও বুধবাৰেই হব, সেয়েহে গেৰুৱা ৰঙৰ ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে। কিন্তু ৰামলীলাত এনেদৰে গেৰুৱা ৰঙৰ ব্যৱহাৰক বিজেপিৰ দলীয় প্ৰদৰ্শনৰ চেষ্টা বুলিও অভিযোগ তুলিছে বিভিন্নজনে।