বলীউডৰ অভিনেতা ৰাজীৱ কাপুৰৰ মৃত্যু । মঙলবাৰে ৫৮ বছৰ বয়সত মৃত্যু হয় ৰাজীৱ কাপুৰৰ । প্ৰয়াত অভিনেতা ৰাজ কাপুৰ আৰু ৰণধীৰ কাপুৰৰ ভাতৃ ৰাজীৱ কাপুৰ । হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পুনেৰ ইনলেকচ হাস্পতালত মৃত্যু হয় অভিনেতাগৰাকীৰ ।
‘RIP’ লিখি ৰাজীৱ কাপুৰৰ এখন ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰে নীতু কাপুৰে । ১৯৮৩ চনত ‘এক জান হে হাম’ ছবিখনৰ জৰিয়তে বলীউড কেৰিয়াৰ আৰম্ভ কৰিছিল ৰাজীৱ কাপুৰে । বলীউডৰ এগৰাকী অভিনেতা, প্ৰযোজক আৰু পৰিচালক ৰূপে পৰিচিত ৰাজীৱ কাপুৰ। ‘ৰাম তেৰী গংগা মেলী’ ছবিখনৰ বাবে জনপ্ৰিয় আছিল অভিনেতাগৰাকী ।