ৰাম জনমভূমিত ভাৰত মাতাৰ বিশালতা আৰু গৰিমাৰ পুনৰ উত্থানক প্ৰতিফলিত কৰিছে-মুখ্যমন্ত্ৰী

62

ষ্টাফৰিপৰ্টাৰ, জয় শ্ৰীৰাম ধ্বনিৰে আজি ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ত মুখৰিত হৈছে। এই মাহেন্দ্ৰক্ষণত মৰ্যাদা পুৰুষোত্তম প্ৰভু শ্ৰীৰামচন্দ্ৰৰ চৰণত নতশিৰে সেৱা জনাই আশিস কামনা কৰিলোঁ-এইদৰে সামাজিক মাধ্যমত কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী গৰাকীয়ে
মহাপ্ৰভুৰ পুণ্যভূমিত সম্পন্ন হোৱা শ্ৰীৰাম জন্মভূমি মন্দিৰৰ ভূমি পূজনৰ এই ঐতিহাসিক মুহূৰ্তই ভাৰত মাতাৰ বিশালতা আৰু গৰিমাৰ পুনৰ উত্থানক প্ৰতিফলিত কৰিছে বুলিও উল্লেখ কৰে।