অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ৰনুজ পেগু, আপোনাৰ শিক্ষা বিভাগত এইবোৰ কি চলি আছে। আপোনাৰ কথা আৰু কামৰ মাজত কিমান মিল আছে ?
কাছাড়ৰৰ কাটিগড়াৰ এখন স্কুলৰ মাষ্টাৰ মশাইৰ আজব কাণ্ড।
শিক্ষক সকলো উপস্থিত হৱোতে অলপ বিলম্ব হয়, সেয়াহে শ্ৰেণীকোটাত শিক্ষাদান কৰিবলগীয়া হয় স্কুলৰ ৰাঁধুনীয়ে !
স্কুল সমুহৰ শৈক্ষিক পৰিৱেশৰ অভূতপূৰ্ব উন্নতি হৈছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যদিও বাস্তৱ পৰিবেশ দেখিলে যেন আপোনাৰ ও চকু কপালত উঠিব।
বিশেষকৈ কাছাৰ জিলাৰ প্ৰাথমিক স্কুল সমুহৰ শৈক্ষিক পৰিবেশ যেন লাহে লাহে নিম্নমুখী হৈ আছে৷
কাছাৰৰ কাটিগড়াত এনে এখন স্কুল আছে যত চাৰিজনকৈ শিক্ষক থকাৰ পাছতো পুৱাৰ ভাগত স্কুলখনৰ ৰাঁধুনীয়ে শ্ৰেনীকোঠাত শিক্ষাদান কৰিব লগা হৈছে ৷
কাটিগড়া শিক্ষাকখণ্ডৰ 51 নম্বৰ গনিৰগ্ৰাম নিম্ন প্ৰাথমিক স্কুল পিছে স্কুলখনৰ শ্ৰেনীকোটাত ছাত্ৰছাত্ৰী সকলক পাঠদান কৰাই আছে এগৰাকী মহিলাই ।পুৱা স্কুলখন খোল খোৱাৰ পাছত শ্ৰেশীকোঠাত পাঠদানত এনেধৰে ব্যস্ত হৈ পৰিছে মহিলাগৰাকী।
আচলতে মহিলাগৰাকী স্কুলখনৰ মিড- ডে মিলৰ ৰান্ধনী হয়।
।
শিক্ষক সকল পুৱা ভাগত স্কুলত উপস্থিত হওতে বিলম্ব হয, সেয়াহে ৰান্ধুনীগৰাকীয়ে পাঠদান কৰিব লগা হৈছে আৰু প্ৰতিদিনাই এনেধৰে দুই- তিনি ঘন্টা শ্ৰেনীকোঠাত পাঠদান কৰাই ৰান্ধুনী মহিলাগৰাকীয়ে, স্কুলখনত চাৰিজনকৈ শিক্ষক থকাৰ পাছতো পুৱা এজনো শিক্ষক উপস্থিত হব নোৱাৰে ৷সেয়াহে ৰান্ধনীক শিক্ষাদানৰ দায়িত্ব দিছে শিক্ষকসকলে৷
দিনৰ 11 বজাৰ পাছত এজন এজনকৈ শিক্ষক উপস্থিত হবলৈ আৰম্ভ কৰে ৷আৰু তাৰ পাছৰ পৰা ৰান্ধনীগৰাকীয়ে মিড- ডে মিল প্ৰস্তুত কৰিবলৈ যায় ৷ সাড়ে দহ বজাত এইগৰাকী সহকাৰী শিক্ষক স্কুলত উপস্থিত হোৱাৰ পাছত কেমেৰা আগত নিজেই স্বীকাৰ কৰিছে পলমকৈ উপস্থিত হোৱাৰ কথা ৷পিছে দীৰ্ঘদিন ধৰি এনেধৰে স্কুলখন চলিআহিছে যদিও খৱৰ নাই জিলা প্ৰাথমিক শিক্ষা আধিকাৰিক সহ খণ্ড শিক্ষা আধিকাৰিকৰ৷
পৰবৰ্তী সময়ত লক্ষণীয় হব কাটিগড়া শিক্ষা খণ্ডৰ অধীনত চলি থকা বহু দূৰ্নীতিৰ ন ন তথ্য।