ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰোধীতাৰে টেঙাখাত আছুৰ ১০ ঘন্টীয়া অন্নশন । বহু কেইজন জিলা সমিতিৰ বিষয় ববীয়াৰ অংশগ্ৰহণ ৷ৰাজ্য চৰকাৰৰ মাতৃ ভাষা বিৰোধী সিদ্ধান্তৰ বিৰোধীতাৰে সদৌ অসম ছাত্ৰ সন্থাই ২৮ মে’ৰ পৰা ২৭ জুন পৰ্যন্ত ৰাজ্যজুৰি এমাহজোৰা এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৷ উক্ত কাৰ্যসূচীৰ অংশ হিচাপে আজি আছুৰ আঞ্চলিক সমিতি সমূহে ৰাজ্যৰ বিভিন্ন স্থানত পালন কৰা অনশন কাৰ্যসূচীৰ সমান্তৰালভাৱে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰাও পুৱা ৬ বজাৰ পৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে ৷ উৎকট গৰমকো নেওচি টেঙাখাত গান্ধী ভৱনৰ সন্মুখত ৰূপায়ন কৰা এই অনশন কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ধনজিত সন্দিকৈ, সাহিত্য সম্পাদক অৰ্জুন চেত্ৰী আৰু ক্ৰীড়া সম্পাদক উমানন্দ গোহাঁই, টেঙাখাত আছুৰ সভাপতি অভিজিত শইকীয়া আৰু সম্পাদক প্ৰকাশ শইকীয়াকে ধৰি যথেষ্ট সংখ্যক আছু নেতা- কৰ্মীয়ে অংশ গ্ৰহন কৰে ৷
