ৰাজ্যৰ ৬টা সংখ্যালঘু জনগোষ্ঠীক সংখ্যালঘু প্ৰমাণ পত্ৰ প্ৰদানৰ সিদ্ধান্ত অসম চৰকাৰৰ

229

ৰাজ্যৰ ৬টা সংখ্যালঘু জনগোষ্ঠীক সংখ্যালঘু প্ৰমাণ পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।

মন্ত্ৰী কেশৱ মহন্তই কয় যে মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চীৰ জনসাধাৰণক সংখ্যালঘু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।

মহন্তই কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেলত কয় যে অসম কেবিনেটে ৬টা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ জনসাধাৰণক সংখ্যালঘু প্ৰমাণ পত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছে- মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেট বৈঠকত লোৱা আন আন সিদ্ধান্তসমূহ হ’ল-

· চৰকাৰে ২৮৮ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তি আৰু ৫৭ গৰাকী শোষিত মহিলাক ২লাখ টকা এককালীন সাহায্য প্ৰদান কৰিব।

· অসম চাহ নিগমৰ শ্ৰমিকৰ পি এফ একাউণ্টত জমা কৰিবলৈ মুকলি কৰি দিয়া হৈছে ১৪২ কোটি ৫ লাখ টকা।

· সদিচ্ছা অনুদান হিচাপে ডলু চাহ বাগিচাৰ ১২৬৩ জন চাহ শ্ৰমিকক ১লাখ টকা অনুদান।

· কেবিনেটে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডিমা হাচাওৰ বাবে অৰ্থনৈতিক পেকেজৰ বাবেও অনুৰোধ জনাইছে।

· চাহ বাগিচাসমূহ মালিকে অতিৰিক্ত ৫% মাটি ব্যৱহাৰ কৰি চাহ বাগিচাৰ বাহিৰে অন্য ইক’ টুৰিজিমৰ বাবে ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন কিন্তু পট্টাত যোগান ধৰিব নোৱাৰিব।

· ১৩২৮ গৰাকী ডাঃ বণিকান্ত কম্পিউটাৰ শিক্ষকে পাব নিয়মীয়া দৰমহা।