গুৱাহাটীঃ ২ ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা কামৰূপ গ্ৰাম্য, মৰিগাঁও আৰু গোলাঘাটকে ধৰি ৰাজ্যখনৰ তিনিখন জিলাত অসম চৰকাৰে ঘৰে ঘৰে টিকাকৰণ অভিযান চলাব।
আজি, নতুন এছঅ’পি ঘোষণা কৰাৰ সময়ত স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই কয় যে আনবোৰৰ তুলনাত অসমৰ এই তিনিখন জিলাত কোভিড-১৯ৰ পজিটিভৰ হাৰ অধিক হোৱাৰ বাবে চৰকাৰে জিলা কেইখনৰ সকলো যোগ্য নাগৰিকৰ বাবে সম্পূৰ্ণ টিকাকৰণ নিশ্চিত কৰাৰ বাবে ঘৰে ঘৰে ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছে।
“বুথ পৰ্যায়ৰ বিষয়া (বিএলও), গাওঁ প্ৰধান, আশা কৰ্মীসকলে প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে ঘৰে ঘৰে ভ্ৰমণ কৰিব। আমাৰ বিষয়াসকলে তেতিয়া প্ৰয়োজন অনুসৰি ভেকছিন প্ৰদান কৰিবলৈ সকলো পৰিয়াললৈ যাব,” মহন্তই কয়।
এই সন্দৰ্ভত আজি মহন্তই কামৰূপ গ্রাম্যৰ চক্ৰ বিষয়া, নিৰ্বাচনী বিষয়া, নিৰ্বাচনী কৰ্মচাৰী আৰু স্বাস্থ্য বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব।
চৰকাৰে আগতে কামৰূপ মহানগৰ জিলাত একেদৰে অভিযান চলাইছিল।। স্বাস্থ্য মন্ত্ৰীয়ে জনায় যে জিলাখনৰ ১১ লাখৰো অধিক লোকক ইতিমধ্যে টিকাকৰণ কৰা হৈছে। এসপ্তাহৰ ভিতৰত গুৱাহাটীত ১০০ শতাংশ টিকাকৰণ সম্পন্ন হব বুলিও মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
