ৰাজ্যৰ সাতখন তৈলক্ষেত্ৰ ব্যক্তিগত কৰণৰ বিৰোধিতা ৰাষ্ট্ৰীয় জনতা দলৰ

63

ষ্টাফৰিপোৰ্টাৰ, ১৯ মে’ : ৰাজ্যৰ সাতখন তৈলক্ষেত্ৰ ব্যক্তিগত কৰণৰ বিৰোধিতা কৰিছে ৰাষ্ট্ৰীয় জনতা দলে। এক বিবৃতি যোগে দলৰ সভাপতি, অভিযন্তা সোণাৰুল শ্বাহ মুস্তাফা, সাধাৰণ সম্পাদকদ্বয় ভূপেন শৰ্মা, সত্যজিৎ দেই কয় ” দেশত কৰ’নাৰ আতংকৰ লগতে লকডাউন চলি থকাৰ সময়তে কেন্দ্ৰীয় পেট্ৰলীয়াম মন্ত্ৰালয়ে ৰাজ্যৰ ৭ খন তৈলক্ষেত্ৰ ডিমুল।গাঁৱ, নাহৰ হাবি, সোণাৰী, পানী দিহিং, চাংমাই গাঁৱ, চুফ্ৰী আৰু দিচাংমুখ, ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাটো উদ্বেগ জনক। তৈলক্ষেত্ৰ কেইখন ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিলে কৰ্মচাৰীসকলৰ লগতে অসম ক্ষতিগ্ৰস্ত হ’ব। সেয়েহে এই বিষয়টো পুনৰ বিবেচনা কৰি যাবলৈ আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনালোঁ।”