ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ১৫২ গৰাকী কোভিড-১৯ ৰোগীয়ে সম্পূৰ্ণ সুস্থ হৈ বুধবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷
সম্প্ৰতি ৰাজ্যত সুস্থ হোৱা ব্যক্তিৰ সংখ্যা — ১২৪৯। চিকিৎসাধীন ৰোগীৰ সংখ্যা — ১৮৩৪। আনহাতে ৰাজ্যত পুনৰ ১৯৩ গৰাকী কভিড-১৯ আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে। কভিড-১৯ ত মৃত্যু হোৱাৰ সংখ্যা অসমত ৬ জনলৈ বৃদ্ধি পালে।