ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব পদত জ্যেষ্ঠ IAS বিষয়া ৰবি কোটা…

322

ৰাজ্যৰ পৰৱৰ্তী নতুন মুখ্য সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ১৯৯৩ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ড° ৰবি কোটাক। অসম-মেঘালয় বেচৰ আইএএছ বিষয়াগৰাকীক মঙলবাৰে ৰাজ্য চৰকাৰে এক অধিসূচনাৰ জৰিয়তে পৰৱৰ্তী মুখ্য সচিব পদত নিযুক্তি প্ৰদান কৰে। অহা ৩১ মাৰ্চত মুখ্য সচিব পদৰ পৰা পৱন কুমাৰ বৰঠাকুৰে অৱসৰ গ্ৰহণ কৰাৰ দিনাই বৰঠাকুৰৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিব ড° কোটাই৷

এগ্ৰোন’মী বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰীত স্বৰ্ণ পদক লাভ কৰা ৰবি কোটাই ১৯৯৩ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰিছিল৷ ড° কোটাই যোৰহাটৰ উপায়ুক্ত হিচাপে ২০০২ চনৰ ২০ জুনত যোগ দিছিল আৰু ২০০৪ চনৰ ৯ ফ্ৰেব্ৰুৱাৰী পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিছিল৷ ইয়াৰ পিছত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ পদত কাৰ্য নিৰ্বাহ কৰি আহিছে ডঃ কোটাই৷

ডঃ ৰবি কোটাই ৱাশ্বিংটন ডি চিত থকা ভাৰতীয় দূতাবাসৰ অৰ্থনৈতিক শাখাৰ মুৰব্বী পদতো ২০২০ চনৰ ৫ জুনত নিযুক্তি লাভ কৰিছিল। তেওঁ ভাৰত আৰু আমেৰিকাৰ বিত্ত, মুদ্ৰা আৰু বিনিয়োগৰ বিষয়সমূহৰ সৈতে জড়িত আছিল। তেওঁ ভাৰত-আমেৰিকাৰ অৰ্থনৈতিক সম্পৰ্ক আৰু ভাৰতৰ বিনিয়োগৰ জলবায়ুৰ ওপৰত বিশেষভাৱে দক্ষ৷

ৱাশ্বিংটন ডি চিত থকা ভাৰতীয় দূতাবাসত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ডঃ কোটাই আমেৰিকা প্ৰশাসনৰ সৈতে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বিত্তীয় বিষয়সমূহ চম্ভালাৰ উপৰিও তেওঁ বিশ্ব বেংক আৰু আই এম এফৰ সৈতে জড়িত বিষয়সমূহো পৰিচালনা কৰিছিল।

তেওঁ ভাৰত চৰকাৰৰ লগতে ৰাজ্য প্ৰশাসনৰ বিভিন্ন বিভাগ বিশেষকৈ খাদ্য আৰু কৃষি, মানৱ সম্পদ, নগৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি আভ্যন্তৰীণ নিৰাপত্তালৈকে বিভিন্ন বিভাগত কাৰ্যনিবাহ কৰিছিল।