ৰাজ্যিক বি জে পি সাজু হৈছে ২০২১ ৰ বাবে

64

ষ্টাফৰিপৰ্টাৰ, ভাৰতীয় জনতা পাৰ্টিয়ে ২০২১ চনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে। মঙলবাৰে ৰাজ্যিক বিজেপিৰ নতুন কমিটি গঠন হৈছে। বিজেপিৰ তালিকা অনুসৰি উপসভাপতি পদত আছে ডঃ হেমপ্ৰভা বৰঠাকুৰ, বিজুলী কলিতা মেধি, ৰেখাৰাণী দাস বড়ো , স্বপ্ননীল বৰুৱা, ৰতন টেৰণ, পুলক গোহাঁই, জয়ন্ত দাস আৰু জয়ন্ত মল্ল বৰুৱা।
সাধাৰণ সম্পাদক পদত আছে ডঃ ৰাজদ্বীপ ৰয়, তপন কুমাৰ গগৈ, পল্লৱ লোচন দাস, ফণীন্দ্র নাথ শৰ্মা । কোষাধ্যক্ষ পদত আছে ৰাজকুমাৰ শৰ্মা । সহ: কোষাধ্যক্ষ পদত আছে মনোজ চৰফ। সম্পাদক পদত আছে দিপ্লুৰঞ্জন শৰ্মা,কিশোৰ উপাধ্যায়,কৃষ্ণমনি চুতীয়া,লুচী ৰয়,সুকুমাৰ বিশ্বাস,অকনি দেৱী, বেণুধৰ নাথ। আনহাতে যুৱ মৰ্চাৰ দায়িত্বত অনুপ বর্মনক দিয়া হৈছে।আৰু মহিলা সভানেত্ৰী দায়িত্বত অধিবক্তা অপৰাজিতা ভূঞাক দিয়া হৈছে । অনুসূচিত জনজাতিৰ সভাপতি হিচাপে হৰেন দেউৰী, অনুসূচিত জাতিৰ সভাপতি নবাৰুণ মেধি, অ বি চি মর্চাৰ সভাপতি বিতোপন ৰায় দিহিঙীয়া,কিষান মর্চাৰ সভাপতি প্ৰফুল্ল বৰা, চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে মোক্তাব হুছেইন খানক দায়িত্ব দিয়া হৈছে।