ৰাজ্যিক বিজেপিৰ সভাপতিৰূপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ ভৱেশ কলিতাৰ

53

আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাই। হেঙেৰাবাৰীস্থিত বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত দলৰ কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দলীয় দায়িত্ব গ্ৰহণ কৰে ভৱেশ কলিতাই।

উল্লেখ্য যে, বিজেপিৰ পূৰ্বৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বিধায়ক হিচাপে নিৰ্বাচিত হৈ মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে বিজেপিৰ ৰাজ্যিক সভাপতি কোন হব তাক লৈ জল্পনা কল্পনাৰ আৰম্ভ হৈছিল। কিন্তু দুদিন পূৰ্বে দলীয় নেতৃত্বই পৰৱৰ্তী ৰাজ্যিক সভাপতি ৰূপে প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাৰ নাম ঘোষণা কৰাৰ পিছত আজি আনুষ্ঠানিকভাৱে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰে।

অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা সংযুক্ত হোৱাৰ উপৰিও অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দলৰ ভালে কেইজন শীৰ্ষস্থানীয় নেতৃত্ব।