ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ চৰকাৰী অনুষ্ঠানত চাহৰ সৈতে দিহা কৰা হব লাড়ু-পিঠাৰ

97

গুৱাহাটীঃ অসমৰ চৰকাৰী অনুষ্ঠানত অতিথিক চাহৰ লগত প্ৰদান কৰা হব লাড়ু-পিঠা। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দিয়ে।

মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰা মতে, এতিয়াৰে পৰা সকলো চৰকাৰী অনুষ্ঠানৰ আৰম্ভণি জাতীয় সংগীতেৰে কৰা হব আৰু ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ অন্ত পেলোৱা হব। ইফালে আত্মসহায়ক গোট সমূহক লাভাৱাম্বিত কৰাৰ উদ্দেশ্যে চৰকাৰী অনুষ্ঠানত থলুৱা গামোচা ব্যৱহাৰ কৰাৰ লগতে অতিথিৰ বাবে চাহৰ সৈতে লাড়ু-পিঠা খুওৱাৰ ব্যৱস্থা কৰা হব।

আনহাতে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু তিথিটো অৰ্থাৎ ২৮ জুলাইৰ দিনটো ৰাজ্যত দেশভক্ত দিৱস হিচাপে পালন কৰা হব। তদুপৰি কৰ্মবীৰ গোপীনাথ বৰদলৈৰ মৃত্যু তিথি অৰ্থাৎ ৫ আগষ্টৰ দিনটো কৰ্মচাৰী দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰে পীয়ুষ হাজৰিকাই। তেওঁ লগতে কয় যে কৰ্মচাৰী দিৱসৰ দিনা জিলা ভিত্তিক ৫ গৰাকী শ্ৰেষ্ঠ কৰ্মচাৰীক আৰু ৰাজ্যিক ভাৱে ১০গৰাকী শ্ৰেষ্ঠ কৰ্মচাৰীক বাচনি কৰি চৰকাৰৰ তৰফৰ পৰা পুৰস্কাৰ প্ৰদান কৰা হব।

আনহাতে টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰমাণ পত্ৰৰ ম্যাদ জীৱনজোৰা কৰা হব বুলিও সংবাদ মেলত জানিবলৈ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই।