ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে বিৰোধী দলসমূহে তেওঁৰ বিৰুদ্ধে দাখিল কৰা বিশেষাধিকাৰ প্ৰস্তাৱৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
এই সন্দৰ্ভত বক্তব্য ৰাখি ৰঞ্জন গগৈয়ে সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা বাৰ্তালাপত কয়, “আইনে নিজৰ পথ ল’ব।”
কংগ্ৰেছ, টিএমচি, শিৱসেনা আৰু চিপিআই-এমকে ধৰি বিৰোধী দলসমূহে ৰঞ্জন গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ প্ৰস্তাৱ উত্থাপন কৰিছে যে তেওঁ ৰাজ্যসভাৰ অধিৱেশনত মন গলেহে উপস্থিত থাকে।
ইফালে, ৰঞ্জন গগৈয়ে লগতে কয় যে তেওঁ বুধবাৰে ৰাজ্যসভাৰ কাৰ্যক্ৰমত উপস্থিত নাথাকিব।
উল্লেখ্য যে, ৰাজ্যসভাৰ মনোনীত সাংসদ প্ৰাক্তন ন্যায়াধীশ গগৈয়ে শেহতীয়াকৈ এনডিটিভিক এক সাক্ষাৎকাৰত কৈছিল, “মই যেতিয়াই অনুভৱ কৰোঁ তেতিয়াই মই ৰাজ্যসভালৈ যাওঁ।”
আনহাতে সংসদৰ ৰেকৰ্ডে দেখুৱাইছে যে ন্যায়াধীশ গগৈয়ে ২০২০ চনৰ মাৰ্চৰ পৰা সকলো বৈঠকৰ ভিতৰত ১০ শতাংশতকৈও কম বৈঠকতহে উপস্থিত আছিল।
