ৰাজ্যসভাত কৃষি বিধেয়ক গৃহীত হোৱাৰ দিনা সদনৰ নিয়ম-পৰম্পৰা ভংগ কৰিছিল উপাধ্যক্ষই!

61

ডিজিটেল ডেস্কঃ দেশজুৰি সাব্যস্ত কৃষক বিদ্ৰোহৰ মাজতে যোৱা ২০ ছেপ্তেম্বৰত ৰাজ্যসভাত গৃহীত কৰা হৈছিল কৃষি বিধেয়ক। ধ্বনি ভোটৰ জৰিয়তে সংসদত বিধেয়ক গৃহীত কৰাৰ সময়ত বিৰোধীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আনহাতে ৰাজ্যসভাৰ উপাধ্যক্ষই সংসদৰ আইন আৰু পৰম্পৰা উপেক্ষা কৰাৰ অভিযোগো উত্থাপন কৰিছে বিৰোধীয়ে। কিন্তু বিৰোধীৰ এই অভিযোগ খণ্ডন কৰি সংসদত সিদিনা সম্পূৰ্ণ আইন আৰু পৰম্পৰা মানি বিধেয়ক গৃহীত কৰা হৈছিল বুলি দাবী কৰিছে চৰকাৰে।

কিন্তু শেহতীয়াকৈ ৰাজ্যসভাৰ ২০ ছেপ্তেম্বৰৰ ভিডিঅ’লৈ লক্ষ্য কৰিলে কেন্দ্ৰীয় চৰকাৰৰ দাবী যে ভুল সেয়াই প্ৰমাণিত হয়। কিন্তু ৰাজ্যসভাৰ কাম-কাজৰ নিৰ্ধাৰিত সময়ৰ পিছতো সিদিনা সদন চলাই নিছিল উপাধ্যক্ষই। ৰাজ্যসভাৰ নিয়মাৱলীৰ নিয়ম-৩৭ অনুসৰি, অধ্যক্ষই যদি সদনৰ কামৰ সময় সলনি কৰিব বিচাৰে তেন্তে সকলোৰে সহমতত ‘চেন্স অৱ দ্য হাউচ’ লৈহে সেয়া কৰিব পাৰে। ৰাজ্যসভাৰ পৰম্পৰা অনুসৰি ১ বজাত সদনৰ কাম-কাজ বন্ধ হ’ব লাগিছিল যদিও উপাধ্যক্ষই পৰম্পৰা ভংগ কৰি ১ বজাৰ পাছতো সদন চলাই নিয়া দেখা যায়।

এই সন্দৰ্ভত ডিএমকেৰ সাংসদ তিৰুচি শিৱাই কয়, ‘আমি সদনত ডিভিজন-ডিভিজন চিঞৰি থকাৰ পিছতো উপাধ্যক্ষই আমাৰ ফালে এবাৰ নাচালে।’ আনহাতে চিপিএমৰ সাংসদ কেকে ৰাগেশে কয় যে তেওঁ তেওঁৰ প্ৰস্তাৱৰ ওপৰত ভোট হোৱাটো বিচাৰিছিল যদিও উপাধ্যক্ষই সেয়া মানি নল’লে।

ইফালে ২০ ছেপ্তেম্বৰত সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে ৰাজ্যসভা টিভিৰ চাউণ্ড বন্ধ কৰি দিয়া হয়। সদনৰ পৰিৱেশৰ বাবে চৰকাৰে বিৰোধীক দোষী সাব্যস্ত কৰাৰ বিপৰীতে বিৰোধীয়েও চৰকাৰক সদনৰ আইন-পৰম্পৰা ভংগ কৰি কৃষি বিধেয়ক গৃহীত কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।