ৰাজ্যত ১৬১৩৯৩ জনলৈ বৃদ্ধি কোভিড আক্ৰান্তৰ সংখ্যা

68

গুৱাহাটীঃ ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা। এফালে ৰাজ্য চৰকাৰে সম্পূৰ্ণ আনলক প্ৰক্ৰিয়াৰে জনজীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ চেষ্টা কৰিছে, আনফালে দিনক দিনে সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধিয়ে চিন্তাত পেলাইছে চৰকাৰখনক। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি মঙলবাৰৰ দিনটোতে ৰাজ্যত পুনৰ ২০৭৩ জনৰ দেহত কোভিড-১৯ সংক্ৰমণ ধৰা পৰে। তাৰ পিছতে ৰাজ্যত মুঠ কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ১৬১৩৯৩জনলৈ বৃদ্ধি পায়।

অৱশ্যে মঙলবাৰৰ দিনটোত ১৮১৭ জন কোভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ পিছত ৰাজ্যত সুস্থ ৰোগীৰ সংখ্যা ১৩০৯৪৭জনলৈ বৃদ্ধি পাইছে। আনহাতে অসমত কোভিড আক্ৰান্ত হৈ মঙলবাৰ পৰ্যন্ত ৫৮৬ জন ৰোগীৰ মৃত্যু ঘটিছে।