মৃদু ভূমিকম্পই জোকাৰি গল অসমৰ কেইবাখনো জিলা। দুপৰীয়া ১ বাজি ১৩ মিনিটত অনুভূত হয় এই ভূঁইকঁপৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কোকৰাঝাৰ জিলা।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.০। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও আদিকে ধৰি কেইবাখনো জিলাৰ লগতে পশ্চিম বংগৰ একাংশ স্থানতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ ফলত কোনো ক্ষয়–ক্ষতিৰ খবৰ অহা নাই।