প্ৰতীকাত্মক ফটো
ৰাজ্যত পুনৰ ভয়াবহ হাৰত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, শুকুৰবাৰৰ দিনটোত ৰাজ্যত ১,১৬৭জন লোক নতুনকৈ কোৰোনাত আক্রান্ত হয়। ৰাজ্যত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ৩,৬০১ জনলৈ বৃদ্ধি পাইছে। আনহাতে পজিটিভিটি হাৰ বৃদ্ধি পাইছে ৩.৩২ শতাংশলৈ।
ৰাজ্যিক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত অসমত ২৫৩ জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। আনহাতে এই সময়ছোৱাত প্ৰাণ হেৰুৱায় ২ জন ৰোগীয়ে।
যোৱা ২৪ ঘণ্টাত কৰা ৩৫,১২৭ টা কোভিড পৰীক্ষা কৰা হৈছিল। আনহাতে সৰ্বাধিক ঘটনা কামৰূপ মেট্ৰো (৫১৭), কামৰূপ গ্ৰাম্য (৯৬), হোজাই (৬১), আৰু তিনিচুকীয়া (৫১)ত ধৰা পৰে।
