ৰাজ্যত ভয়ংকৰ ঘটনা

81

সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি হৈছে অপৰাধমূলক ঘটনা। নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হত্যা ধৰ্ষণ, লুটপাত আদিৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ মাজতে মঙলবাৰে পুৱা আন এক অনাকাংক্ষিত ঘটনা পোহৰলৈ আহে। জিলাখনৰ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰআঠীয়াবাৰী কুয়া পাতা পাৰাত উদ্ধাৰ হোৱা মৃতদেহটো বৰ আঠিয়াবাৰী গাঁৱৰ ১৯ বছৰীয়া যুৱতী কৃষ্ণা মণি ডেকাৰ বুলি জানিব পৰা গৈছে।সোমবাৰে মন্দিৰলৈ বুলি ওলাই যোৱা কৃষ্ণাই ঘৰলৈ ঘূৰি অহা নাছিল। তাৰ পাছতে ৩০ জুলাইৰ পুৱা এগৰাকী যুৱতীৰ মৃতদেহ কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হয়। পৰৱৰ্তী সময়ত মৃতদেহটো কৃষ্ণা মণি ডেকাৰ বুলি চিনাক্ত হয়। এই ঘটনাই এতিয়া কৃষ্ণাৰ পৰিয়ালৰ মাজত শোকৰ বন্যা বোৱাইছে। কৃষ্ণাৰ মাতৃয়ে প্ৰেমিক চিন্টু নাথে এই হত্যা কাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে। মাতৃয়ে কয় যে, সকলো সময়তে কৃষ্ণাক ফোন কৰি থকা চিন্টুয়ে হত্যাকাণ্ডৰ পাছত এবাৰো ফোন কৰি খবৰ লোৱা নাই।