ষ্টাফৰিপৰ্টাৰ, ২৬ মে’ : কামৰূপ জিলাৰ ৰঙিয়াত শোচনীয় বান পৰিস্থিতি।
বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ দলং।
ৰঙিয়াৰ বালাগাঁৱৰ বৰলীয়া নৈৰ ওপৰত আছিল দলংখন।
পকী দলং নিৰ্মাণ হৈ থকা বাবে বাঁহৰ দলঙেৰে অহা-যোৱা কৰিছিল।
বিপজ্জনকভাৱে যাতায়াত কৰাৰ সময়তে উটুৱাই নিলে দলং।সৌভাগ্যক্ৰমে ৰক্ষা পৰিল কেইবাজনো লোক।
ৰাজ্যত অব্যাহত বানৰ সংহাৰ। বিহপুৰীয়াত সোৱণশিৰিৰ পাৰত অৱৰ্ণনীয় পৰিস্থিতি। নিশাটোতে গৃহহাৰা ১০টাকৈ পৰিয়াল।
সোৱণশিৰিৰ খহনীয়াত জাহ গ’ল ঘৰ-বাৰী। মহানগৰীৰ পাঞ্জাবাৰীত ভূমিস্খলনৰ ঘটনা। ২-৩ দিন ধৰি হৈ থকা বৰষুণৰ ফলত কোমল হৈ পৰিছে পাহাৰৰ মাটি।পাঞ্জাবাৰীৰ বিষ্ণু নগৰৰ এটা ঘৰত খহি পৰিল পাহাৰৰ অংশ ।কোনো লোক হতাহত নহ’লেও এটা ঘৰৰ বিস্তৰ ক্ষতিসাধন।
