ৰাজ্যত পুুনৰ ১৭৯৭ জন কোভিড পজিটিভ, ২০ জনৰ মৃত্যু

109

গুৱাহাটীঃ ৰাজ্যত অব্যাহত আছে কোৰোনাৰ ভয়াবহতা। কিছু কিছু জিলাত কোভিড সংক্ৰমণ কিছু হ্ৰাস পালেও আন কিছু এলেকাত এতিয়াও সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈ আছে। কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা ৰাজ্যত জাৰি কৰা হৈছে নতুন এছঅ’পি।

ইফালে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যানুসৰি, সোমবাৰৰ দিনটোত ৰাজ্যত পুনৰ ১৭৯৭ জন লোক কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে ২০ গৰাকী ৰোগীৰ।

স্বাস্থ্য বিভাগৰ মতে, বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ২৩৭ জন, গোলাঘাটত ২৩০ জন, ডিব্ৰুগড়ত ১১৫ জন আৰু যোৰহাটত ১১৩ জন সৰ্বাধিক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। আনফালে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈ উঠে ২১৩৮ গৰাকী কোভিড ৰোগী। বৰ্তমানেও ৰাজ্যত চিকিৎসাধীন হৈ আছে ১৬১০৭ জন কোভিড ৰোগী।