ৰাজ্যত পুনৰ ৬২২১ জন কোভিড পজিটিভ, ৮৪ জনৰ মৃত্যু

61
প্ৰতীকাত্মক ফটো

ৰাজ্যত হ্ৰাস পোৱা নাই কোৰোনাৰ সংক্ৰমণ। সোমবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৬২২১ জন লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে কোভিড আক্ৰান্ত হৈ পুনৰ ৮৪ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত ৰোগীসকলৰ ভিতৰত ৭২৯জন কামৰূপ মেট্ৰ’ত, ৫১৭জন কাচাৰত, ৫১২জন ডিব্ৰুগড়ত আৰু ৪১৭জন নগাঁৱত আক্ৰান্ত হৈছে। ৰাজ্যত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৩৭৫৪০৪জনলৈ।

ইফালে সোমবাৰৰ দিনটোত ৰাজ্যত ৫২৫২ জন কোৰোনা ৰোগী সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হয়। বৰ্তমানেও ৫২৬৪৯ জন ৰোগী ৰাজ্যত চিকিৎসাধীন হৈ আছে।